জুয়েলাৰী,হোটেল,চাইকেল ষ্টোৰকে ধৰি ৯ খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কেইবা লক্ষাধিক সা সম্পত্তি জুইত জাঁহ যায়৷ হোটেলত থকা বহুকেইটা চিলিণ্ডাৰ বিষ্ফোৰণত অধিক বিধ্বংসী হৈ পৰে অগ্নিকাণ্ড৷চতিয়াৰ বালিজুৰি শনিবৰীয়াত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড৷ দেওবাৰে পুৱা সংঘটিত হোৱা এই অগ্নিকাণ্ডত নিমিষতে জাঁহ যায় ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান৷জুয়েলাৰী,হোটেল,চাইকেল ষ্টোৰকে ধৰি ৯ খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কেইবা লক্ষাধিক সা সম্পত্তি জুইত জাঁহ যায়৷ হোটেলত থকা বহুকেইটা চিলিণ্ডাৰ বিষ্ফোৰণত অধিক বিধ্বংসী হৈ পৰে অগ্নিকাণ্ড৷
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ পলমকৈ হলেও ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল ।