গৰাখহনীয়াৰ কবলত বকোৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল ।

বকোৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল হাহিম শিংৰা নৈত ব্যাপক গঢ়া খহনীয়া ৷ যোৱা কিছুদিন পূৰ্বে ৰাজ্যত নেৰা নেপেৰা বৰষুণ হোৱাত মেঘালয়ৰ পৰা নামি অহা বাঢ়নী পানীৰ ফলত ২ নং শামুকাৰ হাহিম যোগদবা গাঁওখন গৰা-খহনীয়াৰ কবলত পৰিছে । ইতিমধ্যে বহুতো পৰিয়ালৰ ঘৰ, মাটি-বাৰী,মূল্যৱান গছ-গছনি, সা-সম্পত্তি গঢ়া খহনীয়াত উটি গৈছে । তাকে লৈ গাঁও বাসী চিন্তিত হৈ পৰিছে । বিগত কিছুদিন ধৰি হৈ অহা হাহিম শিংৰা নৈৰ গঢ়া খহনীয়া আজিও দৃষ্টি গোছৰ নহ’ল বকোৰ বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষৰ । মেঘালয়ৰ গাতে লাগি থকা ২ নং শামুকাৰ হাহিম যোগদবা গাঁৱৰ এই দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যাৰ লগতে বিভিন্নধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে অঞ্চলটোৰ ৰাইজে । নাই বাট-পথ, নাই দলং, কণ-কণ ছাত্ৰ- ছাত্ৰীয়ে বিদ্যালয়লৈ যাতায়াত কৰে বিপদ সংকটভাৱে তুলুঙা নাৱেৰে । যদিহে চৰকাৰে তথা বিভাগীয় কৰ্তৃপক্ষই শিংৰা নৈৰ জলন্ত গঢ়া খহনীয়াৰ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে আৰু কেইটামান বছৰৰ পাছতে ২ নং শামুকাৰ হাহিম যোগদবা এইসমূহ গাঁৱৰ অস্তিত্ব নৈৰ বুকুত বিলীন হৈ পৰিব বুলি মন্তব্য কৰে গাওঁবাসীয়ে ।