বিহু সুৰক্ষা সমিতি,তামুলপুৰ জিলা সমিতিৰ উদ্যোগত গোৰেশ্বৰ বাসী ৰাইজৰ সহযোগত ২৯,৩০ আৰু ৩১ মাৰ্চত তিনিদিনীয়াকৈ বিহু সুৰক্ষা সমিতি,অসমৰ সপ্তম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিবেশন অনুষ্ঠিত হৈছে।আজি পুৱা বিহু সুৰক্ষা সমিতি,অসমৰ মুল পতাকা উত্তোলন কৰে সভাপতি যতীন গগৈয়ে।

লগে লগে ২৭ জিলা সমিতিৰ সভাপতি সকলে অন্যান্য পতাকা উত্তোলন কৰে।স্মৃতি তৰ্পণ কৰে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ ডেকাই।দুপৰীয়া কেন্দ্ৰীয় সভাপতি যতীন গগৈৰ সভাপতিত্ব মুল মণ্ডলত জনগোষ্ঠীয় লোক কৃষ্টি সমাৰোহ আৰু জাতীয় অৰ্থনীতি আৰু বিহু শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।