তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত গোৰেশ্বৰত অনুষ্ঠিত হৈছে খেল মহাৰণ । গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ভিত্তিত খেল মহাৰণৰ মংগলবাৰে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচা। মন্ত্ৰীগৰাকীয়ে খেল মহাৰণত অংশ লোৱা কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে । চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীত বিধানসভা সমষ্টিটোৰ ৩৫০০ ভিচিডিচিৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । কাৰ্যসূচীত উপস্থিত থাকে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী,জিলা আৰক্ষী আয়ুক্ত দিগন্ত কুমাৰ চৌধুৰী,বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰী,পাৰিষদ পৱিত্ৰ বড়ো ।