সমাগত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু । বিহুক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ।বিহু উৎসৱ উৎযাপনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ কৰ্মশালা আৰু আখৰা । ইয়াৰ সমান্তৰালকৈ গোৰেশ্বৰতো বড়ো জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে বৈচাগু নৃত্যৰ আখৰাত ব্যস্ত হৈ থকা দেখা গৈছে।

গোৰেশ্বৰ বাথৌ মন্দিৰৰ বাকৰিত গোৰেশ্বৰ আঞ্চলিক খেৰাই দলে পূৰ্ণ গতিত চলাই আছে আখৰা । আখৰা শেষ কৰি খাম,চেৰেজা আৰু চিফুঙৰ সুৰত বিহু মঞ্চ তথা বিহুতলিত বৈচাগু নৃত্যৰ লহৰ তুলিবলৈ সাজু হৈছে এই দলটো