দুই মাতৃ পুত্ৰৰ বিলাতী সুৰাৰ বেহা দীৰ্ঘদিনীয়া কিন্তু কাকো কেৰেপ নকৰে এওঁলোকে।

দপতাৰ এইজন দুল ডেকা আৰু লোকজনৰ মাতৃয়ে দীৰ্ঘ দিন ধৰি ক্ষেত্ৰী আৰক্ষী আৰু আবকাৰী বিভাগক বুঢ়া আঙুলি দেখুৱাই নিজৰ ঘৰত থকা গেলামাল দোকানতে চলাইগৈছে অবৈধ ভাৱে বিলাতী সুৰাৰ বেহা। কেৱল সুৰা বিক্ৰিয়েই নহয় জানিব পৰা মতে নিজৰ ঘৰতে খাব পৰা ব্যৱস্থাও কৰি দিছে দুই মাতৃ পুত্ৰই। সেয়েহে ৰাতি দুপৰলৈ এওঁলোকৰ গেলেমাল দোকানত সুৰা কিনি ঘৰতে খোৱা মানুহৰ লাগে লানি নিছিগা ভিৰ। এই ঘটনাৰ পাছত ক্ষেত্ৰী আৰক্ষীক খবৰ দিয়া হৈ যদিও আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে দোকান ঘৰত তলা ওলমাই পলাই পতৰং দিয়ে দুই মাতৃ পুত্ৰ। ঘৰখনে যেন পৰিৱৰ্তিত হৈছে বিলাতী সুৰাৰ ঘাঁটিলৈ। ঘৰৰ চৌহডো ভিন্ন প্ৰকাৰৰ মদৰ কাৰ্টুন আৰু খালি মদৰ বটলেৰে ভৰি পৰিছে। পিছে এওঁলোকৰ খবৰ হেনো আবকাৰী বিভাগে নাপাই।
যিটো সময়ত সোণাপুৰৰ ভিন্ন স্থানত চলি থকা অবৈধ সুৰাৰ বিপনি সমুহত অভিযান চলাই সোণাপুৰ আৰক্ষীয়ে বন্ধ কৰা পৰিলক্ষিত হৈছে অবৈধ সুৰাৰ বেহা। তেনে সময়তে কিন্তু ডিমৰীয়া অঞ্চলৰ তেঁতেলীয়া ক্ষেত্ৰী মালয়বাৰী টোপাতলীকে ধৰি ভিন্ন ঠাইত চলি আছে অবৈধ ভাৱে সুৰাৰ ৰমৰমীয়া বেহা।
এতিয়া প্ৰশ্ন হয় সচাকৈ আবকাৰী বিভাগৰ চকুত পৰা নাই নেকি এই বিলাতী সুৰাৰ অবৈধ ঘটি?
নে কোনো গোপন বুজাবুজিত ভিতৰুৱা অঞ্চলবোৰত এনেদৰে একাংশই নিজ বাসগৃহ পৰিৱৰ্তিত কৰিছে বিলাতী সুৰাৰ ঘাটিলৈ।
কেতিয়ালৈ আবকাৰী বিভাগে এই দুই মাতৃ পুত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব?
সেয়া এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন।