কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ উল্লাস আঁচনিৰ শুভাৰম্ভ ।

উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু, নাৰায়ণ কোঁৱৰসহ অন্যান্য বিষয়াসকল ।
উল্লাসৰ উদ্দেশ্য হৈছে বিভিন্ন কাৰণত আনুষ্ঠানিক শিক্ষা বাদ দিয়া ১৫ বছৰ আৰু তাৰ ওপৰৰ প্ৰাপ্তবয়স্ক লোকসকলক শিক্ষা প্ৰদান কৰি সৱলীকৰণ কৰা । অনুষ্ঠানত অংশগ্ৰহণ বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰতিনিধিসকলৰ ।
“আজিৰ পৰা উল্লাসৰ অধীনত দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। অসমৰ স্বাক্ষৰতাৰ হাৰ বৃদ্ধিত সহায় হ’ব।
অসমৰ স্বাক্ষৰতাৰ হাৰ উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ তুলনাত পিছপৰি আছে। এই আঁচনিৰ জৰিয়তে পিছপৰা অঞ্চল তথা বাগান অঞ্চলৰ লোকসকলক স্বাক্ষৰ কৰাত গুৰুত্ব দিয়া হব । এই আচঁনি ভলণ্টিয়াৰসকল যিহেতু ছাত্ৰ-ছাত্ৰী, গতিকে তেওঁলোকক অতিৰিক্ত নম্বাৰ দিয়া ব্যৱস্থা কৰা হব । ” শিক্ষকসকলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ। কোনো শিক্ষকক অনা শৈক্ষিক কাৰ্যসূচীত লগোৱা নাই আৰু কোনো শিক্ষকে মোলৈ লিখিত অভিযোগ প্ৰেৰণ কৰা নাই । যোৱাবাৰৰ দৰে এইবাৰো মেট্ৰিকত OMR SHEETৰ ব্যৱস্থা আৰু CBSE আৰ্হিত প্ৰশ্নকাকত হব বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ ।