কামৰূপৰ সেপকুছিত নিৰ্বাচন কেন্দ্ৰিক সং*ঘা*ট…

কামৰূপৰ সেপকুছিত নিৰ্বাচন কেন্দ্ৰিক সং*ঘা*ট।কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলিৰ পিছতে কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ত সৃষ্টি হয় নিৰ্বাচনী সংঘাট।মংগলবাৰে নিশা বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত প্ৰাৰ্থী বীৰেন কলিতাৰ সমৰ্থক আৰু অগপ-বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী নবীউল্লা আলীৰ লগতে সমৰ্থকৰে সৃষ্টি হয় এই উত্তেজনাময় পৰিৱেশ।

উল্লেখ্য যে কাৰ্যালয়টো মুকলি কৰাৰ সময়ত কংগ্ৰেছ কৰ্মী এগৰাকীয়ে দিয়া ভাষণত অগপ দলৰ প্ৰাৰ্থীগৰাকীক ব্যক্তিগত পৰ্য্যায়ত আক্ৰমণ কৰাক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হয়। অগপ প্ৰাৰ্থী নবীউল্লা আলীয়ে একাংশ সমৰ্থকক লগত লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও কংগ্ৰেছ নেতা মতলেবউদ্দিন আহমেদেৰ বুজনিত পৰিস্থিতি শান্ত হয় ।