Skip to content
বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক কংগ্ৰেছী বিধায়ক নুৰুল হুদাই শাৰিৰীকভাৱে আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ ।
বিজেপিৰ উত্তৰ কামৰূপ জিলা অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত কামৰূপ জিলাৰ আয়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদী অৱস্থান ধৰ্মঘট ।
তিনি শতাধিক বিজেপি নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰা ধৰ্মঘট কাৰ্যসূচীত উপাধ্যক্ষ ডা: নোমল মমীনক শাৰিৰীকভাৱে আক্ৰমণ কৰা ঘটনাৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই ।
প্ৰতিবাদী অনুষ্ঠানত বিজেপি উত্তৰ কামৰূপ জিলাৰ সভাপতি ভাষ্কৰ কলিতা,অনুসূচিত জনজাতিৰ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি প্ৰকাশ চন্দ্ৰ দাস, বিজেপি মিডিয়া চেলৰ সহঃ আহ্বায়ক ডাঃ বেদব্ৰত পাঠকৰ লগতে ভালেসংখ্যক বিজেপি নেতা উপস্থিত থাকে ।