উত্তৰ গুৱাহাটী ফুলুঙৰ গৰৰ বজাৰত অকন বড়োয়ে অবৈধভাবে সংগ্ৰহ কৰে কৰ,ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ১০০ টকা আৰু বুধবাৰে ৫০ টকাকৈ সংগ্ৰহ কৰে…

ৰাজ্যৰ বজাৰত কৰ সংগ্ৰহত নিষেধাজ্ঞা জাৰি কৰিছিল মুখ্য মন্ত্ৰীয়ে । মুখ্য মন্ত্ৰীৰ কেবল মৌখিক ঘোষণাই নহয়, বজাৰৰ কৰ সংগ্ৰহ বন্ধ কৰাৰ বিধি প্ৰস্তুত কৰিছিল । পিছে মুখ্য মন্ত্ৰীৰ সমষ্টিতে অকন বড়োৱে দেওবৰীয়া বজাৰৰ পৰা কৰ আদায় কৰিয়ে আছে । উত্তৰ গুৱাহাটী ফুলুঙৰ গৰৰ বজাৰত অকন বড়ো নামৰ লোকজনে অবৈধভাবে কৰ সংগ্ৰহ কৰি আহিছে । গৰৰ বজাৰৰ পথৰ দুকাষে ঠলুৱা কৃষকে উৎপাদিত ফচল বিক্ৰি কৰে । কিন্তু বজাৰ চিণ্ডিকেটৰ মাষ্টৰ অকন বড়োৱে বছৰ বছৰ ধৰি এই সকলক ব্যবসায়ীক শোধাই আহিছে মাধমাৰ । দেওবাৰে প্ৰতিজন ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ১০০ টকা আৰু বুধবাৰে ৫০ টকাকৈ সংগ্ৰহ কৰে কৰ । লাচিতগৰ পঞ্চায়তৰ কৰ্মচাৰী অকন বড়োৱে চৰকাৰী কামৰ দায়িত্ব এৰি বজাৰ বলপুৰ্বকভাবে সংগ্ৰহ কৰে । প্ৰায় দুশজন ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহকলৈ ক্ষোভ প্ৰকাশ ক্ষুদ্ৰ ব্যৱসায়ীৰ । বজাৰত কেমেৰাৰ সমুখত ধন সংগ্ৰহৰ দৃশ্য বন্দী কৰাত অকনে কলে এয়া বৈধ । কৰৰ ভাগ দিব লাগে বজাৰ কমিটি আৰু জিলা পৰিষদৰ নেতাক ।

চৰকাৰে যদি বজাৰৰ কৰ সংগ্ৰহ কৰাত বাধা আৰোপ কৰিছে ,আমি লেটাৰ পোৱা নাই বুলি অকন বড়োৱে মাৰিলে ফিতাহি । চৰকাৰী ডিউটি এৰি নিজ চাহ দোকানত ব্যস্ত থকাৰো অভিযোগ অকনৰ বিৰুদ্ধে । তদুপৰি ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰা দৃশ্যও বন্দী হৈছে আমাৰ কেমেৰাত । ইয়াৰ পিছতো অকন বড়োৱে সাংবাদিকক কেৰেপ নকৰি ধন সংগ্ৰহ কৰি থাকিল । মুঠতে বিজেপি নেতাৰ পাৱাৰত অকন এতিয়া উত্তৰ গুৱাহাটীত হৰ্তকৰ্তা ।ক্ষুদ্ৰ উপান্ত খেতিয়কে পথৰ কাষত বহি বিক্ৰী কৰা জলকীয়া -বেঙেনা কেইটাটো দিব লাগে এশ টকা ।নিদিলে অকনৰ দপদপনি । অকনৰ এই অতপালিত অতিস্থ সকলে বিছাৰিছে মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ ।