উত্তৰ গুৱাহাটীৰ ৰংমহলত নিশা ভূ-মাফিয়াৰ গুণ্ডাগিৰী ।

উত্তৰ গুৱাহাটী ৰংমহলত নিশা ভূ-মাফিয়াৰ গুণ্ডাগিৰী । প্ৰায় ৫০ জনীয়া এটা দুৰ্বৃত্তৰ দলে যাঠি জোং লৈ ভূমি দখলৰ চেষ্টা । ধ্ৰুৱজ্যোতি চৌধুৰীৰ নেতৃত্বত দলটোৱে চলাইছিল তাণ্ডৱ । JCB ৰে মহতীয়াই নিলে প্ৰমোদ দাস নামৰ ব্যক্তিজনৰ বাসগৃহ । গৃহস্থৰ লগতে কেইবাজনো লোকক আক্ৰমণ দলটোৰ। বিজেপিৰ বেজেৰা মণ্ডলৰ সভাপতি নয়ন বড়াকো অপদস্থ । গাঁও প্ৰধান নিৰ্মল বড়াকো অপদস্থ । নিশাটোৰ ভিতৰত দুৰ্বৃত্তই নিৰ্মাণ কৰে লো আৰু টিনৰ বেৰ । আৰক্ষী উপস্থিত হোৱাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্বৃত্বৰ। ভূ-মাফিয়া দলটোৱে পৰিয়ালটোৰ পকী ৱালৰ লগতে কেইবাটাও ঘৰ JCB ৰে ভাঙি দিয়ে । ভূ-মাফিয়াৰ এনে কাৰ্য্যত শংকিত হৈ পৰিছে পৰিয়ালটোৰ লগতে ওচৰ চুবুৰীয়া ৰাইজ । ঘটনা সংক্ৰান্তত ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ।