পাচলি খেতিৰে কৰিছে ৰাইজক আকৰ্ষণ । এতিয়া ৰবি শস্যৰ বতৰ । বজাৰে বজাৰে উভৈনদী বিধে বিধে শাক-পাচলি । কিন্তু,আপুনি খাদ্য হিচাপে গ্ৰহণ কৰা এই পাচলিসমূহ কিমান স্বাস্থ্যসন্মত । অত্যাধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা শাক-পাচলিয়ে আপোনাৰ জীৱনলৈ আনিছে প্ৰবল ভাবুকি । একাংশ খেতিয়কে অধিক মুনাফাৰ আশাত ব্যৱহাৰ কৰে অবাধ ৰাসায়নিক সাৰ । ইয়াৰ বিপৰীতে ৰাসায়নিক সাৰক প্ৰত্যাহ্বান উত্তৰ গুৱাহাটী সাঁতগাঁৱৰ এজন উদীয়মান যুৱকৰ । পচন সাৰ ব্যৱহাৰ কৰি যুৱকজনে বিধে বিধে উৎপাদন কৰিছে ৰবি শস্য। কেৱল এয়ে নহয় , যুৱকজনৰ ঘৰলৈ অহা প্ৰতিজন অতিথিক উপহাৰ হিচাপে আগবঢ়োৱা হয় পাচলিৰ টোপোলা । বসন্ত কাকতি নামৰ যুৱকজনে পচন সাৰেৰে কৰা স্বাস্থ্য সন্মত জাতিলাউ, বেঙেনা, মূলা, অমিতা, কবি আদিৰ খেতিয়ে এতিয়া মনোযোগ আকৰ্ষণ কৰিছে ।