উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি নগাঁৱত উৎসৱমুখৰ পৰিৱেশ।পাইওনিয়ৰ কলা মহাবিদ্যালয়ত আজি এক উখল মাখল পৰিৱেশ ।ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। পাইওনিয়ৰ কলা মহাবিদ্যালয়ত উজলিছে ভাল ফলাফলৰ বন্যা।উক্ত ফলাফলক লৈ বিদ্যালয়ৰ অধ্যক্ষ, ছাত্র- ছাত্ৰী, শিক্ষক – শিক্ষয়িত্ৰী সকলো আজি আনন্দত মতলীয়া আৰু তেওঁলোক আশানুৰূপ ফলাফল লাভ কৰিছে বুলি আজি সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে।
