আন্তজাৰ্তিক খ্যাতি সম্পন্ন গ্ৰাফিক ডিজাইনাৰ ডিগবৈৰ অমূল্য বৰুৱাৰ লণ্ডনত দেহাৱসান….

আন্তজাৰ্তিক খ্যাতি সম্পন্ন গ্ৰাফিক ডিজাইনাৰ ডিগবৈৰ অমূল্য বৰুৱাৰ লণ্ডনত দেহাৱসান।আসাম টুৰিজিম, ফেবিকল’ৰ ল’গ’ ৰ শ্ৰষ্টা আন্তৰ্জাতিক খ্যাতি সম্পন্ন গ্ৰাফিক ডিজাইনাৰ অমূল্য বৰুৱাৰ কালি লণ্ডনত দেহাৱসান ঘটে। ডিগবৈ মুলীয়াবাৰী অঞ্চলত ১৯৫১ চনত জন্ম গ্ৰহণ কৰা অমূল্য বৰুৱাই ডিগবৈ সৌমাৰ বিদ্যাপীঠত হাইস্কুলীয়া লৈ থকা অৱস্থাত সৌমাৰ বিদ্যাপীঠ ৰ মুখপত্ৰ ‘সৌমাৰ দ্বীপ’ প্ৰথম জন সম্পাদক আছিল,কলেজীয়া শিক্ষা গুৱাহাটী কটন কলেজৰ পৰা ১৯৭২ চনত বি এছ চি ডিগ্ৰীলৈ মুম্বাইৰ এ জে আৰ্টৰচ পৰা পফেচলেল গ্ৰাফিক ডিজাইনাৰৰ শিক্ষা আহৰণ কৰি ১৯৮২ চনত লণ্ডনৰ বাসিন্দা হৈ কৰ্মজীৱনৰ পাতনি মেলে।ডিগবৈৰ প্ৰয়াত পূৰ্ণকান্ত বৰুৱা আৰু চন্দ্ৰ প্ৰভা বৰুৱাৰ কণিষ্ঠ পুত্ৰ অমূল্য বৰুৱাই লণ্ডনত নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰি কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু এজন পুত্ৰ-বোৱাৰী এৰি যায়। তেখেতৰ মৃত্যুত ডাঙৰ বৌৱেক বীনু বৰুৱা, সাহিত্যিক পুণ্য শইকীয়া, চিত্ৰকৰ দিলীপ বৰা, ডিগবৈ সাংবাদিক সন্থাই শোক প্ৰকাশ কৰি বৰুৱাৰ আত্মাৰ সদগতি কামনা কৰা লগতে পৰিয়াল পৰিজনলৈ সমবেদনা জ্ঞাপন কৰে।