আজি ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ ভোট গণনা…

আজি ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ ভোট গণনা।ৰাভা হাচং পৰিষদৰ ৩৩ টা সমষ্টিত ভিতৰতকামৰূপ জিলাৰ ১৪ টা পৰিষদীয় সমষ্টিৰ আমিনগাওঁত খন্তেক পিছতে আৰম্ভ হব ভোট গণনা।

১৪ টা পৰিষদীয় সমষ্টিৰ বাবে ১৪ টা ভোট গগনা কক্ষত ৯৮ খন টেবুলত গণনা কৰা হব বেলট ভোট।১৪ টা পৰিষদৰ গণনাৰ বাবে মুঠ ২৯৪ গৰাকী কাউন্টিং ছুপাৰভাইজাৰ, সহকাৰী কাউন্টিং ছুপাৰভাইজাৰ আৰু মাইক্ৰ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে।কামৰূপ জিলাৰ ১৪টা পৰিষদীয় সমষ্টিত ৪৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে।উল্লেখ্য কামৰূপ জিলাৰ ১৪ টা পৰিষদীয় পৰিষদত ২০৯ টা ভোটকেন্দ্ৰত ভোট গ্ৰহণ হৈছে।