আগমনিৰ ঝসকালত ভুমিক লৈ দুই পৰিয়ালৰ মাজত মাৰপিট।
চাৰিগৰাকী মহিলাসহ নজনকৈ আহত। আহত সকলোক আগমনি সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি।
ইয়াৰ ভিতৰত মৰিয়ম বিবি আৰু মতিয়ৰ আলী এই দুজনৰ অবস্থা সংকট জনক দেখি ধুবুৰীলৈ প্ৰেৰন।
ঝসকালৰ দুই ভাতৃ বাবুল আলী আৰু নফছাৰ আলী নামৰ দুই ভাতৃৰ মাজত পৈতৃক ভুমিক লৈ কাজিয়া চলি আছিল। আজিয়ো ভুমিক লৈ দুই পৰিয়ালৰ মাজত কাজিয়াৰ লগতে প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হয়। মাৰপিটত দুয়ো পৰিয়ালৰ চাৰি গৰাকী মহিলা ক্ৰমে মৰিয়ম বিবি, ছফুৰা বিবি, আৰ্জিনা খাতুন আৰু মাভলি বিবিৰ লগতে বাবুল আলী , দেৱান আলী, সহিদুল আলী , মতিয়ৰ আলী,নবছাৰ আলী,দুলাল আলী নামৰ নজনকৈ আহত হয়। আহত নজনকে তৎক্ষণাৎ আগমনি সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। আনহাতে আগমনি আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ নফছাৰ আলী, মতিয়ৰ ৰহমান, জমিৰউদ্দিন, মহিৰ আলী আৰু দুলাল আলীক আটক কৰিবলৈ সক্ষম হয়।