কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদানৰ জোৱাৰ উঠিছে কংগ্ৰেছ নেতা কৰ্মীৰ।আগন্তোক পঞ্চায়ত নিৰ্বাচন ২০২৫।।পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণতেই হোজাই জিলাৰ লামডিংত কংগ্ৰেছত আৰম্ভ হৈছে বৃহৎ খহনীয়াৰ।। হয়,আজি বিয়লি লংকাৰ নিখুটীত কংগ্ৰেছৰ শতাধিক নেতা কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে|

লংকাৰ বিজেপি কাকী মণ্ডলৰ সভাপতি বিনয় কলিতাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এখনি সভাত বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এই কংগ্ৰেছ নেতা কৰ্মীসকলে বিজেপি দলত যোগদান কৰে