অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমৰ নৱেম্বৰ মাহৰ সাহিত্য আলাপ বিৰিণা বৈভৱ, ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস ,বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচন সোমবাৰে সন্ধিয়া বৰপেটা জিলাৰ সৰ্থেবাৰীস্থিত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাথলীত অনুষ্ঠিত হৈ যায় । গোষ্ঠীটোৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল বণিক্যৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে ।
বন্তি প্ৰজ্বলন কৰে বিশিষ্ট গল্পকাৰ অজিত ৰাজবংশীয়ে । ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট লেখিকা পাৰ্বতী পাটোৱাৰীয়ে । সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সৰ্থেবাৰীস্থিত বঞ্চিত চৌধাৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মধুসুদন ডেকাই । আদৰণি ভাষণ প্ৰদান কৰে বিৰিণা গোষ্ঠী-অসমৰ উপদেষ্টা তথা সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে । গোষ্ঠীটোৰ শৰৎ সংখ্যক ক্ষুদ্ৰ কাব্য আলোচনী “বীথিকা” উন্মোচন কৰে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মনে । বিশিষ্ট কবি-লেখিকা ললিতা দাসৰ “ককা-আইতা আৰু সোণালী শৈশৱ” কাব্যগ্ৰন্থখন উন্মোচন কৰি গ্ৰন্থখন সম্পৰ্কত আৰু ৰঘুনাথ চৌধাৰীৰ
জীৱন-কৃতি আৰু সৃষ্টিৰাজিৰ বিষয়ে ভাষণ প্ৰদান কৰে বিশিষ্ট কবি- সাহিত্যিক ডঃ বিনয় কুমাৰ মজুমদাৰে । উক্ত অনুষ্ঠানতে ৰঘুনাথ চৌধাৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিৰিণা গোষ্ঠী-অসমে প্ৰতি বছৰে প্ৰদান কৰি অহা ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা এইবেলি প্ৰদান কৰা হয় বৰক্ষেত্ৰীৰ প্ৰগতিশীল লেখক-সাহিত্যিক তথা চিন্তাশীল ব্যক্তি পৰীক্ষিত বৈশ্যক । বঁটা গ্ৰহণ কৰি পৰীক্ষিত বৈশ্যই আপ্লুত হোৱাৰ লগতে বিৰিণা
গোষ্ঠী-অসমৰ এই পদক্ষেপৰ শলাগ লয় । নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত ৰাজীৱ কুমাৰ দাসে গোষ্ঠীটোৰ হৈ এই বঁটা প্ৰদান কৰে । সন্মানীয় অতিথি হিচাপে সাংবাদিক, পেন্সনাৰ তথা বিশিষ্ট সাহিত্যিক মৃণাল মল্ল পাটোৱাৰী, ভাৰতী অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰ নাথ ভূঞা, সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ উপদেষ্টা কামৰুজ জামান উপস্থিত থাকি ৰঘুনাথ চৌধাৰীৰ জীৱন-দৰ্শন আৰু সৃষ্টিৰাজিৰ সম্পৰ্কে বিশদ আলোচনা আগবঢ়ায় । বিৰিণাৰ দুই কুৰি সদস্যৰ কথা, কবিতা, গীতেৰে অনুষ্ঠানটো জীপাল হৈ পৰে । অসম সংগীত পৰিৱেশন কৰাৰ পাছতেই
অনুষ্ঠানৰ সামৰণি পৰে ।