মানকাচৰৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত চলি আছে বন ধ্বংসৰ প্ৰতিযোগিতা । নীৰৱ ভূমিকা পালন মানকাচৰ বন বিভাগৰ ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাখনত দীৰ্ঘদিনৰ পৰা বিভিন্ন পাহাৰসমূহত জে ছি বী ৰে চলি আছে ধ্বংসলীলা।
নীৰৱ ভূমিকা পালন কৰিছে মানকাচৰ বন বিভাগে । দিনে নিশাই বাঘাপাৰা আৰু পানকাটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত
বিভিন্ন পাহাৰসমূহত জে ছি বীৰ দ্বাৰা খননকাৰ্য চলাই থকাৰ মাজতো নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে জিলাখনৰ বন বিভাগে ৷ দীৰ্ঘদিন ধৰি একাংশ ব্যক্তিয়ে মোটা অংকৰ ধনৰ বিনিময়ত বন বিভাগক মেনেজ কৰি নিজৰ মুনাফা লাভৰ বাবে পাহাৰসমূহ ধ্বংস কৰি আহিছে যদিও এই ক্ষেত্ৰত জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, ফলত শেষ হোৱাৰ অৱস্থাত পূৰ্বাঞ্চলৰ পাহাৰসমূহ। বন মাফিয়াসকলে পূৰ্বাঞ্চলৰ বিভিন্ন পাহাৰসমূহৰ পৰা ডাঙৰ ডাঙৰ গছসমূহ কাটি আছে যদিও বন বিভাগে চকুৰে নেদেখা ভাও ধৰা যেন পৰিলক্ষিত হৈছে । জানিব পৰা মতে, জিলাখনৰ বন বিভাগক মোটা অংকৰ কমিচনৰ বিনিময়ত বন মাফিয়া সকলোকে সুবিধা প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । জিলাখনৰ বিভিন্ন ঠাইত আজিলৈকে কিয় বন্ধ হোৱা নাই বনধ্বংস কাৰ্যসমূহ ? কাৰ ছত্ৰছায়াত চলি আছে পাহাৰ খননকাৰ্য ? ইয়াকলৈ ৰাইজৰ মাজত লাখটকীয়া প্ৰশ্নৰ উদ্ভৱ হৈছে । উল্লেখ্য যে, বিগত সময়ত মানকাচৰ বন সংমণ্ডলৰ অধীনৰ বিভিন্ন ঠাইত ধুবুৰীৰ বন বিভাগৰ সজাতি দলে অভিযান চলাই কেইবা লক্ষাধিক টকাৰ মূল্যৱান কাঠৰ কুণ্ডা জব্দ কৰা পৰিলক্ষিত হৈছে । যি সময়ত চৰকাৰে গছপুলি ৰোপণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে, তেনে সময়ত দক্ষিণ শালমাৰা মানকাচৰ জিলাত বন ধ্বংস কৰা অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত দক্ষিণ শালমাৰা মানকাচৰ জিলা (আমছু)ৰ সাধাৰণ সম্পাদকে জনায় যে, বন মাফিয়াক সহায় কৰা বন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত গণতান্ত্ৰিকভাৱে ভয়ংকৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।