মহযুঁজ নিষিদ্ধ কৰাক লৈ মৰিগাঁৱত মহৰ মালিক তথা গোৱালৰ ভোট বৰ্জনৰ হুংকাৰ।

মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ক মহযুঁজ নিষিদ্ধ কৰা সন্দৰ্ভত পুনৰ বিবেচনাৰ বাবে আহ্বান মহৰ গোৱালৰ।

মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে মহযুঁজ আৰু বুলবুলি যুঁজ নিষিদ্ধ কৰা সন্দৰ্ভত মধ্য অসমৰ মহৰ মালিক তথা গোৱাল সকলৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

এইক্ষেত্ৰত মৰিগাঁৱৰ একাংশ গোৱাল তথা মালিকে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পুনৰ মহযুঁজ অনুষ্ঠিত কৰাৰ বাবে SOP জাৰী কৰিবলৈ জনাইছে আহ্বান।