দুলীয়াজান এগৰাকী শিক্ষয়িত্ৰীক পৰিকল্পিত হ*ত্যা চেষ্টা…

দুলীয়াজানত চা*ঞ্চ*ল্য*ৰ ঘটনা। এগৰাকী শিক্ষয়িত্ৰীক পৰিকল্পিত হ*ত্যা চেষ্টা । সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসালয়ত চিকিৎসাধীন শিক্ষয়িত্ৰী গৰাকী । জানিবপৰামতে তিনিচুকীয়া জিলাৰ বৰডুবিৰ মডেল নগৰৰ অমৃত গগৈ নামৰ লোকজনে AS 23 AE 4444 নম্বৰৰ থাৰ গাড়ীখনে AS 23 M 7812 নম্বৰৰ শিক্ষয়িত্ৰী গৰাকীয়ে চলাই অহা এল্টো গাড়ীখনৰ পিচফালৰ খুন্দিয়াই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । শিক্ষয়িত্ৰী গৰাকীৰ পৰিয়ালে সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে প্ৰথমে শিক্ষয়িত্ৰী গৰাকীক বিদ্যালয়ৰ পৰা ওলাই অহা পথত অমৃত গগৈ নামৰ লোকজনে গাড়ীত আক্ৰমণ কৰিছিল যদিও সুযোগ গ্ৰহণ কৰি শিক্ষয়িত্ৰী গৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰিছিল । পিচত দুলীয়াজানৰ টিপলিঙৰ পথত গাড়ীৰে খুন্দিয়াই পৰিকল্পিতভাৱে হত্যাৰ চেষ্টা চলাই শিক্ষয়িত্ৰী গৰাকীক । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 77/25 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। শেহতীয়াকৈ অভিযুক্ত অমৃত গগৈক আৰক্ষীয়ে গ্ৰে*প্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰে।