সাতদিনীয়া চৰকাৰী কাৰ্যসূচীৰে সম্প্ৰতি বিদেশ ভ্ৰমণত ব্যস্ত থকা কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মঙলবাৰে ফিলিপিনছৰ ৰাষ্ট্ৰপতি বংবং মাৰ্ক’ছক সাক্ষাৎ কৰে। এই সাক্ষাতকালত দুয়োগৰাকী নেতাই ভাৰত আৰু ফিলিপিনছৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ নিমিত্তে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।
