কামৰূপৰ আমিনগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ।

STFৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।
মণিপুৰৰ পৰা নামনি অসমলৈ সৰবৰাহ কৰাৰ সময়তে আজি পুৱাৰ ভাগত জব্দ কৰে নিচাজাতীয় দ্ৰব্যখিনি।
গোপন সূত্ৰৰ ভিত্তিত বাহনখন STF বাহিনীয়ে আমিনগাঁৱত জব্দ কৰে বিশ হাজাৰ য়া বা (YA BA)টেবলেট ।
জব্দকৃত য়া বা (YA BA)টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ছয় কোটি টকা বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে অভিযানত ড্ৰাগছ সৰবৰাহকাৰী মণিপুৰৰ মুস্তাফা ৰহমানক আটক কৰিছে ।
অভিযুক্তজনে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ সঘনাই বাছ সলনি কৰি নিচাজাতীয় সামগ্ৰীখিনি সৰবৰাহৰ চেষ্টা কৰিছিল।