ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালে ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহবানত ৰঙিয়া সম-জিলা সমিতিয়েও চহৰখনৰ মাজমজিয়াত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।উল্লেখযোগ্য যে বৃহৎ নদীবান্ধ বন্ধ কৰা আৰু বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত এই কাৰ্য্যসূচী ৰূপায়ণ কৰে।