


USTM ৰ উদ্ভিদবিজ্ঞান বিভাগৰ প্ৰতিভাবান ছাত্ৰী আৰ্চি ফুকনে সফলভাৱে তৈয়াৰ কৰিছে এটা মনোমোহা অৰ্গেনিক আৰোমেটিক পাৰ্ফিউম। পৰিৱেশ-বান্ধৱ উৎপাদনৰ পৰা নিৰ্মিত এই পাৰ্ফিউম সৌন্দৰ্য্য আৰু প্ৰাকৃতিকতাক একেলগে মিলাইছে। এই প্ৰকল্পত তেওঁক মাৰ্গদৰ্শন আগবঢ়াইছে ড°মৌতুষি দাস, সহযোগী অধ্যাপিকা, বটনি বিভাগ। এই পাৰ্ফিউম কেৱল দেহৰ বাবে নিৰাপদেই নহয়, বৰং পৰিৱেশতো বন্ধুসুলভ। USTM ৰ উদ্ভিদবিজ্ঞানে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্ভাৱনী শক্তিক উৎসাহ দিয়ে, আৰু এই সফল প্ৰয়াস এই নীতিৰ এক উজ্জ্বল দৃষ্টান্ত। আৰ্চিৰ এই কৃতিত্বই সম্প্ৰতি বটনি বিভাগক গৌৰবান্বিত কৰিছে। USTM ৰ উদ্ভিদবিজ্ঞান বিভাগে ইতিমধ্যে ২০ ত কৈও অধিক এনে সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে। শীঘ্ৰেই আৰ্চি ফুকনৰ এই সামগ্ৰী বজাৰত উপলব্ধ কৰিবলৈ চিন্তা চৰ্চা কৰিছে বিশ্ববিদ্যালয় কৰ্তিপক্ষই