নিশা দক্ষিণ শালমাৰাৰ শালকাটাত আৰক্ষীৰ অভিযান।
জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু ১০৩ টা হিৰ’ইন কন্টেইনাৰ।
নিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত গোপন
সূত্ৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল আৰু হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।
৮৬৩ টা নিচাজাতীয় কেপচুল জব্দ কৰাৰ লগতে ১০৩ টা কন্টেইনাৰ ভৰ্তি ১৭০ গ্ৰাম হিৰ’ইন এখন পালচাৰ
বাইক জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজন হ’ল দক্ষিণ শালমাৰাৰ শালকাটা গাঁৱৰ এ ৰসিদ মণ্ডলৰ
পুত্ৰ জিয়াৰুল মণ্ডল বুলি জানিব পৰা গৈছে।