
সদৌ অসম আৰক্ষী সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশন দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱত আজিৰে পৰা অনুষ্ঠিত হয়। মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আলোচনা চক্ৰৰ মূল বিষয় হিচাপে লোৱা হয় নৱ প্ৰজন্মৰ উশৃংখলতা,অভিভাৱক দায়িত্ব আৰু আৰক্ষীৰ ভূমিকা। উক্ত আলোচনা চক্ৰ মুখ্য আলোচক হিচাপে উপস্থিত থাকে ND24 ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা । লগতে সভাখনত উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত দেৱশীষ শৰ্মা,, অসম আৰক্ষীৰ সহকাৰী মহা পৰিদৰ্শক ( প্ৰশাসনিক) প্ৰণৱ জ্যোতি গোস্বামী, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি অজিত শৰ্মা, মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ লীলা কান্ত বৰঠাকুৰৰ লগতে আমন্ত্ৰণ বক্তা জিলা খনৰ আৰক্ষী সকলৰ সকল উপস্থিত থাকি ভাষণ প্ৰদান কৰে।