ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ প্ৰচাৰ তুংগত হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী সকলৰ…

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ প্ৰচাৰ তুংগত হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী সকলৰ। আজি ৰহা সমষ্টিৰ অন্তৰ্গত জৰাবাৰী গাঁও পঞ্চায়তৰ ৪নং ৱাৰ্ডৰ সদস্যা হিচাপে প্ৰতিদ্বন্দিতা কৰিছে কৰবী দেৱী। আজি নিজ নিজ ৱাৰ্ডত চলাইছে নিৰ্বাচনী প্ৰচাৰ আৰু ৰাইজে জনাইছে ব্যাপক সহাঁৰি, এইবাৰ নিৰ্বাচনলৈ দৃঢ় বিশ্বাস প্ৰাৰ্থী কৰবী দেৱীৰ । আগন্তুক দিনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে কৰবী দেৱীয়ে।