বিহালীৰ নিজ বিহালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা প্ৰাৰ্থী পৰিস্মিতা দাসৰ সমৰ্থনত পদযাত্ৰা…

বিহালীৰ নিজ বিহালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা প্ৰাৰ্থী পৰিস্মিতা দাসৰ সমৰ্থনত পদযাত্ৰা বাহিৰ।শ,শ সমৰ্থক পদযাত্ৰাত অংশগ্ৰহণ।আজি বিহালী সমষ্টিৰ নিজ বিহালী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী পৰিস্মিতা দাসৰ সমৰ্থনত ১ নং ৱাৰ্ডৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে এক বিশাল পদযাত্ৰা বাহিৰ কৰে।পদযাত্ৰাৰ সময়ত পৰিস্মিতা দাসৰ সমৰ্থনত শ,শ লোক উলাই আহি এই পদযাত্ৰাত অংশগ্ৰহণ কৰে।সমৰ্থকসকলে পৰিস্মিতা দাস জিন্দাবাদ,অটোৰিক্সা ছবিত ভোট দিয়ক আদি শ্ল’গান দি আকাশ-বতাহ কপাই তোলে।নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী পৰিস্মিতা দাসৰ দৃঢ় বিশ্বাস যে -অহা ২ মে’ তাৰিখে হ’ব লগা পঞ্চায়ত নিৰ্বাচনত ১ নং ৱাৰ্ডৰ ৰাইজে পৰিস্মিতা দাসৰ সপক্ষে ভোট দান কৰিব।আৰু ৰাইজৰ সেৱা কৰিবলৈ সুযোগ প্ৰদান কৰিব বুলি পৰিস্মিতা দাসৰ দৃঢ় বিশ্বাস।