নগাঁও জিলাৰ ৰহা সমষ্টিৰ বগলাজান গাঁও পঞ্চায়তত বিজেপি জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক সদস্যা প্ৰাৰ্থীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ।ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ প্ৰচাৰ তুংগত কৰিছে প্ৰাৰ্থীসকলে,পিছ পৰি ৰোৱা নাই বিজেপি, আজি ৰহা সমষ্টিৰ অন্তৰ্গত বগলাজানত বিভিন্ন অঞ্চলত ১৬নং চাপৰমুখ জিলা পৰিষদৰ প্ৰাৰ্থী বিজেপি দলৰ জোনালীম দাস ডেকা বিভিন্ন অঞ্চলত গৈ ৰাইজৰ লগত মত বিনিময় কৰিছে আৰু ৰাইজে জনাইছে ব্যাপক সহাঁৰি লগতে বগলাজান গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্যা প্ৰাৰ্থী মিনাক্ষী দাস লস্কৰ ।

আজি দুৰ্ঘটনাত আহত হৈছিল, তাৰ স্বত্তেও ৰাইজৰ লগত মত বিনিময় কৰি গৈছে আৰু বগলাজান গাঁও পঞ্চায়তৰ ৰাইজে ব্যাপক সহাঁৰি দিছে AP প্ৰাৰ্থী মিনাক্ষী দাস লস্কৰক,

আগন্তুক ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে জিলা পৰিষদৰ প্ৰাৰ্থী জোনালীম দাস ডেকা আৰু মিনাক্ষী দাস লস্কৰ।