দ্বিতীয় মৃত্যুবাৰ্ষিকীত SI জোনমণি ৰাভালৈ শ্ৰদ্ধাঞ্জলী

নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত অৱস্থাতে অকাল বিয়োগ ঘটা জোনমণি ৰাভাৰ আজি দ্বিতীয় মৃত্যুবাৰ্ষিকী৷ আজিৰ দিনটোত আৰক্ষী বিষয়াগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ৷ লগতে, তেওঁৰ মাতৃলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷দক্ষতাৰে নিজৰ কৰ্তব্য সম্পাদন কৰি কম সময়তে জনপ্ৰিয় হৈ পৰা আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু ৰহস্যৰ আজিও অন্ত নপৰিল৷ চিবিআই-এ প্ৰতিবেদন দাখিল কৰিলে৷ ক’লে সেয়া দুৰ্ঘটনাহে আছিল!পিছে, তাতেই সকলো কথা শেষ হৈ যায়নে? সেইসময়ত যিসমূহ বিষয় পোহৰলৈ আহিছিল, সেই বিষয়সমূহক চৰকাৰে বিগত সময়ছোৱাত তিলমানো গুৰুত্ব প্ৰদান নকৰিলে৷