ডিব্ৰুগড় চহৰৰ ব্যস্ততাপূর্ণ অঞ্চল কনভয় ৰ’ড আৰু পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলত নিৰ্মাণ কৰা উৰণ সেতুখন ৰাইজলৈ উছৰ্গা কৰে৷

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় চহৰৰ ব্যস্ততাপূর্ণ অঞ্চল কনভয় ৰ’ড আৰু পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলত নিৰ্মাণ কৰা উৰণ সেতুখন ৰাইজলৈ উছৰ্গা কৰে৷

আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ পাইল ফাউণ্ডেশ্যনৰ ওপৰত নিৰ্মিত ৬১৫.৪ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনৰ নিৰ্মাণত হোৱা সর্বমুঠ ব্যয় হৈছে ৫৬.৬৯ কোটি টকা।

অসমৰ জাতীয় জীৱনত অম্লান স্বাক্ষৰ এৰি যাবলৈ সক্ষম হোৱা প্ৰথিতযশা সাহিত্যিক-শিক্ষাবিদ ড° লীলা গগৈদেৱৰ সোঁৱৰণত এই উৰণ সেতুখন ‘ড° লীলা গগৈ উৰণ সেতু’ নামেৰে নামকৰণ কৰা হৈছে।