
ডিগবৈ ৰেল পথৰ ট্ৰেকত আজি সন্ধিয়া তিনি যুৱকে ড্ৰাগ সেৱন কৰি থকা অৱস্থাত কেইজনমান যুৱকে পত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে হাতেলুতে ধৰি থানালৈ লৈ যায়।ঘটনাস্থলীত তিনি ড্ৰাগছ সেৱনকাৰী যুৱকৰ জিম্মাৰ পৰা ডিগবৈ আৰক্ষীয়ে প্লাষ্টিকৰ চাদা টেমা,এটা চিৰিঞ্জ আৰু কিছু পৰিমাণে সন্দেহ যুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।সম্প্ৰতি ড্ৰাগছ আসক্ত তিনি যুৱক আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।