টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰশিক্ষণ কৰ্মশালা….

পদূলি মুখত হেঁপাহৰ ৰঙালী বিহু।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ব্যতিক্ৰম নহয় ওদালগুৰি। বিহুটিক আদৰিবলৈ ডেকা-গাভৰুৰ ঠাই ভেদে ব্যাপক প্ৰস্তুতি। টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰশিক্ষণ কৰ্মশালা। বড়ো জনগোষ্ঠীয় পৰম্পৰাগত নৃত্য কৰ্মশালা। হেঁপাহৰ ৰঙালী সমাগত। বিহুটিক আদৰিবলৈ ডেকা-গাভৰুৰ ঠাই ভেদে ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ টংলাতো ৰঙালীক আদৰিবলৈ বড়ো জনগোষ্ঠীৰ ডেকা গাভৰুৰ নৃত্য আখৰা।

উল্লেখ্য যে, টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্দোগত অনুষ্ঠিত কৰা হৈছে পৰম্পৰাগত বড়ো নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালা। চমুৱাপাৰা হাইস্কুলৰ বাকৰিত ৩ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ চলিব লগা কৰ্মশালাত দুগৰাকী প্ৰশিক্ষক নিয়োজিত কৰিছে উদ্যোক্তাই। কৰ্মশালাত টংলাৰ বিভিন্ন ঠাইৰ পৰা অহা কণ-কণ শিশু সকলৰ ওপৰিও উঠি অহা প্ৰজন্মৰ বহুতো যুৱক যুৱতীয়ে অংশ লয়।