ছইফ আলী খানৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ…

বলিউড অভিনেতা ছইফ আলী খানৰ মুম্বাইৰ বেন্দ্ৰাস্থিত বাসগৃহত ছুৰীৰে আঘাত কৰা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। ধৃত আক্ৰমণকাৰীক আৰক্ষীয়ে লৈ গৈছে বেন্দ্ৰা আৰক্ষী থানালৈ।

আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰৰ সময়ৰ এটা ভিডিঅ’ত দেখা গৈছে মুম্বাই আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰি লৈ গৈছে। অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো কথা উল্লেখ কৰা নাই। 

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তি জনেই ছইফ আলী খানক আক্ৰমণ কৰা প্ৰকৃত আক্ৰমণকাৰীজন হয় নে নহয় সেয়াও এই পৰ্যন্ত স্পষ্টকৈ কোৱা নাই। উল্লেখ্য যে, ইতিমধ্যে ছইফ আলী খানৰ বাসগৃহৰ চিচি কেমেৰাত বন্দী হোৱা আক্ৰমণকাৰীৰ ফটো পোহৰলৈ আহিছিল।

জানিব পৰা মতে মুম্বাই আৰক্ষীয়ে ছইফ আলী খানৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণকৰা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ ২০ টাকৈ দল নিয়োগ কৰিছিল। এই ২০ টা দলে বেন্দ্ৰা আৰু নালা ছুপাৰা অঞ্চলত অভিযান অব্যাহত ৰাখিছিল।

ছইফ আলী খানৰ বাসগৃহত কাম কৰা মহিলাগৰাকী আছে আৰক্ষীৰ জিম্মাত। এই মহিলাগৰাকীৰ জৰিয়তেই আক্ৰমণকাৰীক চিনাক্ত কৰা হ’ব।