গোৰেশ্বৰৰ সমীপৱৰ্তী সেপকুছিত বিজেপি, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচিনী কাৰ্যালয় মুকলি….

কাৰ্যালয়টো মুকলি কৰে অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই।বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীউল্লা আলীৰ যৌথ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰে অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। বৰডাঙ্গেৰীকুছি পঞ্চায়তৰ অন্তৰ্গত সেপকুছিত নিৰ্বাচনী কাৰ্যালযটো মুকলি কৰি সত্যব্ৰত কলিতাই চৰকাৰে কৰা ভাল কামৰ কৃতজ্ঞতাৰ চিন স্বৰূপে ৰাইজে নবীউল্লা আলীক ভোট দিব বুলি উল্লেখ কৰে ।

লগতে উন্নয়নৰ স্বাৰ্থত নবীউল্লা আলীক হাতীৰ ছবিত ভোট দি নিৰ্বাচনত জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়।আনহাতে বিধায়ক আমিনুল ইছলামৰ মন্তব্যৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই কাৰ্যালয় মুকলি অনুষ্ঠানত প্ৰাৰ্থী নবীউল্লা আলীকে ধৰি দু‌য়োটা দলৰ কেইবাগৰাকী কাৰ্যকৰ্তা উপস্থিত থাকে।