দেওবাৰে নিশা প্ৰায় ১১.৩০মান বজাত ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘটাপৰাত মালবাহী ট্ৰাকে মহতিয়াই নিলে তিনি বাইক আৰোহীক। ঘটনাস্থলীত ঢকুৱাখনা আৰক্ষী উপস্থিত হৈ ট্ৰাকে তলৰ তিনি বাইক আৰোহীকে ঢকুৱাখনা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে তিনিজনৰ মৃ*ত্যু হৈছে বুলি জানিব পৰা গৈছে।

নিহত বাইক আৰোহী তিনিজন ঢকুৱাখনাৰ ইটাখুলি চাপৰিৰ সৌৰভজ্যোতি চমুৱা(১৮)ঘিলামৰাৰ জালভাৰীৰ স্বপ্নদ্বীপ গগৈ(১৮) আৰু সেমী শইকীয়া (২৭)। একেখন বাইকত আহি আছিল নিহত তিনিওজন যুৱক।দু*ৰ্ঘ*ট*না*ৰ সং*ঘ*টি*ত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS 22C 2270 । নিশাই ঘটনাস্থলীত ঢকুৱাখনা আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে দুৰ্ঘটনাৰ সংঘটিত কৰা ট্ৰাকখন।