

জাপানীজ এনকেফেলাইটিছ আৰু অন্যান্য বাহক জনীত ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ সন্দৰ্ভত কামৰূপ জিলাৰ আমিনগাঁওৰ জিলা আয়ুক্ত সংহত কাৰ্যালয়ৰ সভাগৃহত এখন জিলা পৰ্যায়ৰ সভা অনুষ্ঠিত হয়। কামৰূপ জিলাত আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত জিলা মেলেৰিয়া স্বাস্থ্য বিষয়াই জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে তাক বিশদ ভাৱে বৰ্ণনা কৰে। পৰ্যালোচনা সভাত স্বাস্থ্য বিভাগৰ লগতে শিক্ষা বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সমাজ কল্যাণ বিভাগৰ জিলা বিষয়া সকলৰ লগতে কামৰূপ জিলাৰ প্ৰতিখন স্বাস্থ্য কেন্দ্ৰৰ মুৰব্বী সকলে অংশগ্ৰহণ কৰে।
সভাত জিলা আয়ুক্ত গৰাকীয়ে জিলা খনৰ জাপানীজ এনকেফেলাইটিছ বা অন্য বাহক জনীত ৰোগ দেখা দিলে তাৎক্ষণিক ভাৱে চিনাক্তকৰণ কৰি চিকিৎসালয়ত চিকিৎসা নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। উল্লেখ্য কামৰূপ জিলাত ১৭ গৰাকী লোকৰ জাপানীজ এনকেফেলাইটিছ ৰোগ ধৰা পৰিছিল তাৰ ভিতৰত ২ গৰাকী মৃত্যু হৈছিল।