উত্তৰ-পুৱৰ প্ৰথমখন যান বাহন অটোমেটিক ফিটনেছ চেণ্টাৰৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…

আজি পবিত্ৰ ইদুলফিটৰত। এই পবিত্ৰ দিনটোতে বিশ্বনাথত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ৰাইজক সম্বোধন কৰিছে। ইতিমধ্যে বিশ্বনাথ চাৰিআলিৰ ফলফলি স্থিত উদ্বোধন কৰিছে উত্তৰ-পুৱৰ প্ৰথমটো যান বাহনৰ অটোমেটিক ফিটনেছ চেণ্টাৰ। তাৰ পিচতে ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটত উপস্থিত হৈ মাংগলিক পুজা অৰ্চনা কৰি শিলান্যাস কৰে ৰোপৱৈ।

তাৰ পিচতে পুনেঃপুনে বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰি কেইবাখনো অভিলষি প্ৰকল্পৰ শুভ উদ্বোধন কৰি ৰাজ্যখৰত উন্নয়নমুলক কামৰ ওপৰত বক্তব্য দাঙি ধৰে মুখ্যমন্ত্ৰী ড° হিমন বিশ্ব শৰ্মাই। এই বিশাল সভাত অভিভাৱক মন্ত্ৰী অশোক সিংঘলৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে লগতে আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱাৰ উপৰিও বহু কেইগৰাকীক উচ্চপদস্থ বিষয়াসলকল অংশগ্ৰহণ কৰে ।