ইউএছটিএম-ত শতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন । এই অনুষ্ঠানত প্ৰায় USTM ৰ ২০০ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

USTM ৰ প্ৰশিক্ষণ আৰু নিযুক্তি বিভাগে আজি বিভিন্ন ক্ষেত্ৰত নিযুক্তি লাভ কৰা শতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই। অনুষ্ঠানত উপস্থিত থাকে IIT Guwahati ৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ প্ৰাক্তন Dean প্ৰফেছাৰ বিমল কাতিয়াৰ,আচাৰ্য মহবুবুল হক, USTM ৰ PRO Vice Chancellor পদ্মশ্ৰী সৰ্বেশ্বৰ চহৰীয়া ৰ লগতে USTM ৰ উচ্চ পৰ্য্যায়ৰ বিষয় ববিয়াৰ লগতে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকল । এই অনুষ্ঠানত প্ৰায় USTM ৰ ২০০ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। IIT Guwahati ৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ প্ৰাক্তন Dean প্ৰফেছাৰ বিমল কাতিয়াৰে কয়: “USTM সদায় উৎকৰ্ষতা আৰু প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে। এই সম্বৰ্ধনা দিৱস তাৰেই প্ৰমাণ।” এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে USTM-ৰ চান্সেলৰ মাহবুবুল হক। ছাত্ৰ ছাত্ৰীৰ সৈতে এক সুমধুৰ সম্পৰ্ক গঢ়ি তুলি তেওঁলোকৰ লগত থাকি ছাত্ৰ ছাত্ৰীৰ হকে উন্নয়ন কৰি অহা হকে কয়: “এই অনুষ্ঠানটোৱে আমাৰ গৌৰৱময় ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰাৰ লগতে শিক্ষাৰ গুণগত মান আৰু উন্নয়নৰ ক্ষেত্ৰত নতুন দিশ দেখুৱাই আগবাঢ়ি যাব।ইতিমধ্যে USTM ৰ প্ৰশিক্ষণ আৰু নিযুক্তি বিভাগে ২০০০ ৰো অধিক ছাত্ৰ ছাত্ৰীৰ নিযুক্তি দিয়াৰ লগতে, সৰ্বাধিক ১৫ লাখ টকাৰ পেকেজৰ প্ৰস্তাৱ লাভ কৰিছে ছাত্ৰ ছাত্ৰীয়ে।