আৰ জি ইউত অসামৰিক সেৱা প্ৰশিক্ষণৰ সৈতে সংহত বি এ আৰু বি এছ চি কাৰ্যসূচী আৰম্ভ

আৰ জি ইউত অসামৰিক সেৱা প্ৰশিক্ষণৰ সৈতে সংহত বি এ আৰু বি এছ চি কাৰ্যসূচী আৰম্ভ
গুৱাহাটী, ১৬ মে’, ২০২৫: উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলক শৈক্ষিক উৎকৰ্ষতা আৰু অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰতিযোগিতামূলক প্ৰস্তুতিৰে সবলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিয়ে অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰশিক্ষণৰ সৈতে অগ্ৰণী ইন্টিগ্ৰেটেড বি এ আৰু বি এছ চি কাৰ্যসূচী আৰম্ভ কৰে। আৰ জি ইউৰ এই নতুন পদক্ষেপ অনকেম্পাছৰ সহযোগত ৰূপায়ণ কৰা হ’ব, য’ত প্ৰখ্যাত এছ পি এম আই এ এছ একাডেমীয়ে প্ৰশিক্ষণ দিব।
এই প্ৰসংগত অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ আচাৰ্য ড০ এ কে পানছাৰীয়ে কয়, “এই সংহত কাৰ্যসূচীয়ে দেশৰ ভৱিষ্যতৰ নেতৃত্বক গঢ় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ই সততা আৰু উৎকৃষ্টতাৰে জাতিটোৰ সেৱা আগবঢ়াবলৈ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক আৰু পেছাদাৰী প্ৰস্তুতিৰ জৰিয়তে শক্তিশালী কৰি তুলিব।”
আজি আৰ জি ইউৰ উদ্যোগত আয়োজিত সংবাদমেলত ভাষণ দি আৰ জি ইউৰ একাডেমিক অধ্যক্ষ অধ্যাপক (ড°) এ কে বুঢ়াগোহাঁইয়ে কয়, “এই কাৰ্যসূচীসমূহ ছাত্ৰ ছাত্ৰী সকলক স্নাতক পাঠ্যক্ৰমৰ প্ৰস্তুতিৰ লগে লগে ইউ পি এছ চি, এ পি এছ চি, আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে একে সময়তে প্ৰস্তুত কৰাৰ বাবে ৰচনা কৰা হৈছে।”
অনকেম্পাছৰ চিইঅ’ উৎপল কান্তাই কয়, “অনকেম্পছে অত্যাধুনিক ডিজিটেল সঁজুলি আৰু কেৰিয়াৰ গাইডেন্স প্ৰদান কৰি এই দূৰদৰ্শী কাৰ্যসূচীক সমৰ্থন কৰি গৌৰৱান্বিত, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে বিশ্বমানৰ সম্পদসমূহ লাভ কৰিব পাৰে আৰু তেওঁলোকৰ অসামৰিক সেৱাৰ লক্ষ্যত উপনীত হ’ব পাৰে।”
এছ পি এম আই এ এছ একাডেমীৰ সঞ্চালক সত্যজিৎ কুমাৰে কয়, “আমাৰ লক্ষ্য হৈছে উচ্চমানৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণক সুলভ কৰি তোলা।এই অংশীদাৰিত্বই উত্তৰ-পূবৰ যুৱক-যুৱতীসকলক ইউ পি এছ চি আৰু এ পি এছ চি পৰীক্ষাত সফলতাৰ দিশত অনুপ্ৰাণিত আৰু পথ প্ৰদৰ্শন কৰিব।” সংবাদমেলত এছ পি এম আই এ এছ একাডেমীৰ সঞ্চালক মৃদুল মিশ্ৰ, চিন্ময় বৰদলৈ, বিবেক খেটাৱাটেও ভাষণ দিয়ে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ পঞ্জীয়ক অধ্যাপক (ড°) দিগন্ত মুনছিয়ে মন্তব্য কৰে যে, “বি এ কাৰ্যসূচীত সমাজবিজ্ঞান, অৰ্থনীতি, ৰাজহুৱা প্ৰশাসন, ৰাজনীতি বিজ্ঞান, ইতিহাস, মনোবিজ্ঞান, আৰু ইংৰাজী আদি শাখাসমূহ সামৰি লোৱা হয়, আনহাতে বি এছ চি কাৰ্যসূচীসমূহৰ ভিতৰত পদাৰ্থ বিজ্ঞান, গণিত, ৰসায়ন বিজ্ঞান, ভূগোল, ভূতত্ত্ব, উদ্ভিদ বিজ্ঞান, আৰু প্ৰাণীবিজ্ঞান আদি অন্তৰ্ভুক্ত।”