

শৰাইঘাট দলংৰ উত্তৰ পাৰে আমিনগাঁওত অসম পৰ্যটন উন্নয়ন নিগমে শেহতীয়া ভাৱে মুকলি কৰা শৰাইঘাট হ্ৰদ উদ্যান পৰিদৰ্শন কৰে সঞ্চালকগৰাকীয়ে। সৰোবৰৰ পানীত শিশু সকলৰ বাবে খেলিব পৰা নতুন প্ৰজেক্টৰ পৰিকল্পনা হাতত লোৱাৰ কথা সাংবাদিকক জানিব দিয়ে। উল্লেখ্য বৰ্তমান উদ্যানখনত শিশুসকলৰ বিভিন্ন প্ৰকাৰৰ খেল-ধেমালিৰ সামগ্ৰী, নাওৰ বিভিন্ন খেলৰ বিশেষকৈ NON MOTOR AUQA CYCLING, KAYAK আৰু SPEED BOAT ৰ ব্যৱস্থা আছে।অসম পৰ্যটন বিভাগৰ উদ্যানখন মুকলি কৰাৰ দিনৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ লগতে বহি:ৰাজ্যৰ পৰ্যটকো আহিবলৈ আৰম্ভ কৰিছে।