আজিৰ ভিতৰত বিহালী বিধান সভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ দাবী জনাই CPI(ML)ৰ ৰাজ্যিক সম্পাদক বিবেক দাসৰ সংবাদমেল ।

“জয়ন্ত বৰাই কংগ্ৰেছৰ পৰা দলীয় টিকট পালে বিহালীত বিজেপিৰ দুজন প্ৰাৰ্থী হব । বৰ্তমান বিহালী বিধান সভা সমষ্টিত কংগ্ৰেছৰ পৰা টিকট বিচাৰি চৰ্চালৈ অহা জয়ন্ত বৰাৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ। ” – এই অভিযোগ চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক তথা অসম সন্মিলিত মঞ্চৰ পৰা বিহালীত প্ৰাৰ্থীত্বৰ দাবীদাৰ বিবেক দাসৰ । আজি বিহালীৰ CPI(ML)কাৰ্যালয়ত অনুষ্ঠিত হয় সংবাদমেল । সংবাদমেলযোগে CPI(ML)ৰাজ্যিক সম্পাদক বিবেক দাসে কয় যে, কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙৰ নিৰ্দেশমৰ্মে অসম সন্মিলিত মঞ্চই পাঁচজনীয়া সমিতি গঠন কৰিছিল আৰু বিৰোধী মঞ্চই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে বিহালী বিধানসভা সমষ্টিৰ আসনখন CPI(ML)ক এৰি দিয়া হব। কিন্তু কালি অসম সন্মিলিত মঞ্চই ৰাজ্যৰ পাঁচটা বিধান সভা সমষ্টিৰ ভিতৰত চাৰিটাকৈ বিধান সভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে যদিও বিহালী বিধান সভা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ নকৰিলে । সেয়েহে আজি সংবাদমেলযোগে বিবেক দাসে আজিৰ ভিতৰত বিহালী বিধান সভাৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ আহ্বান জনায় । বিহালী বিধান সভাৰ পূৰ্বৰ বিধায়ক পল্লব লোচন দাস কংগ্ৰেছত আছিল কিন্তু বিজেপিত যোগ দিলে । কংগ্ৰেছৰ ৰূপক শৰ্মা বিহালীৰ পৰা কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলি পিছত বিজেপিত যোগ দিলে। কংগ্ৰেছৰ আন এগৰাকী প্ৰাৰ্থী নগেন গোৱালাও পিছত বিজেপিত যোগদান কৰিলে । জয়ন্ত বৰায়ো কংগ্ৰেছৰ পৰা দলীয় টিকত লাভ কৰিলে , পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে । জয়ন্ত বৰাৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ থকা কথা উল্লেখ কৰি কয় যে জয়ন্ত বৰা কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ পিছৰ পৰ্যায়ত হেঁচা পাই বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । জয় পৰাজয়ৰ কথা আহিব নালগে । যোগ্যতাৰ কথা আহিব লাগে । বিৰোধী ঐক্য মঞ্চ ভংগ হব নে বাহাল থাকিব,সেইয়া সম্পূৰ্ণ কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰে বিবেক দাসে ।