

AI নিৰ্ভৰশীলতাই দাস বনাইছে, মন প্ৰযুক্তিতকৈ বহুত উচ্চমানৰ: জেএনইউৰ উপাচাৰ্য্য অধ্যাপিকা সান্তিশ্ৰী পণ্ডিত
“অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক সম্বোধন কৰে জেএনইউৰ উপাচাৰ্য্য অধ্যাপিকা সান্তিশ্ৰী পণ্ডিতে
গুৱাহাটী, ২৮ মে’, ২০২৫: বুদ্ধিমত্তা কৃত্ৰিম হৈ পৰিছে, কিন্তু মূৰ্খামি মৌলিক। যন্ত্ৰই শিকিছে, মানুহে সেৱা কৰি আছে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া, লিখা আৰু স্বাধীনভাৱে চিন্তা কৰাৰ প্ৰতিভা হেৰুৱাব নালাগে। ChatGPT আৰু AI নিৰ্ভৰশীলতাই আজিৰ প্ৰজন্মক দাস কৰি তুলিছে। মই প্ৰযুক্তিৰ ব্যৱহাৰৰ বিৰোধী নহয়, কিন্তু মানুহৰ মনটো প্ৰযুক্তিতকৈ বহু উচ্চ। আজি ইয়াত এনেদৰে কয় জে এন ইউ নতুন দিল্লীৰ উপাচাৰ্য অধ্যাপিকা সান্তিশ্ৰী পণ্ডিতে অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি (আৰ জি ইউ)ত ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক সম্বোধন কৰি। জেএনইউৰ উপাচাৰ্যগৰাকীয়ে গছপুলি ৰোপণৰ লগতে বিশ্ববিদ্যালয় চৌহদত থকা বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয় আৰু কেন্দ্ৰীয় অত্যাধুনিক যন্ত্ৰপাতি পৰিদৰ্শন কৰে।
বৈচিত্ৰ্যৰ মাজত ঐক্যৰ শলাগ লৈ অধ্যাপিকা সান্তিশ্ৰী পণ্ডিতে কয়, “যদিও ৫৭ বছৰত ভৰি দিয়া জে এন ইউৰ তুলনাত অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি অতি কম বয়সীয়া, তথাপিও ইয়াত কেজিৰ পৰা পিজি আৰু পি এইচ ডিলৈকে সুবিধা আছে।” আৰ জি ইউয়ে পূব ভাৰতৰ অন্যতম আগশাৰীৰ ব্যক্তিগত বিশ্ববিদ্যালয় হিচাপে থিয় দিছে—এইটো ভাৰত চৰকাৰৰ বাবে বিশেষকৈ এক্ট ইষ্ট পলিচিৰ প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ দিশ। “এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক মানসম্পন্ন উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আৰ জি ইউৰ দৃষ্টিভংগী আৰু মিছনৰ বাবে মই প্ৰশংসা কৰিছো”, তেওঁ লগতে কয়।
এআইৰ ব্যৱহাৰৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি তেওঁ কয়, “প্ৰযুক্তিক মাষ্টাৰ হিচাপে নহয়, যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰক, কাৰণ অৱশেষত মানুহ মৌলিক সমালোচনাত্মক চিন্তাধাৰাৰ বাবে পৰিচিত হ’ব লাগে।আৰজিইউৰ দৰে বিশ্ববিদ্যালয়ৰ বাবে বৈচিত্ৰ্য গুৰুত্বপূৰ্ণ, আৰু বৈচিত্ৰ্যৰ উদযাপনেই ঐক্যৰ দিশত আগুৱাই লৈ যায়।মই একাকাৰীতাৰ বিৰোধী, কাৰণ ই আপোনাক নিস্তেজ কৰি তোলে আনহাতে ঐক্যই ৰামধেনুৰ ৰঙৰ দৰে ইয়াক গ্ল’বেলৰ সৈতে সংযোগ কৰক।” ছাত্ৰ-ছাত্ৰীসকলে এই কথা বুজিব লাগিব। আপোনাৰ শিক্ষকৰ পৰা শিকিব, শ্ৰেণীকোঠাৰ ঠাই একোৱেই ল’ব নোৱাৰে, তেওঁ আৰু কয়।
তেখেতে লিংগ আৰু সমতাৰ বিষয়েও কয়, আৰু কয় যে পুৰুষসকল সংস্কাৰকৰ ভূমিকা লোৱা দেখা যায়, তেওঁলোকে নাৰী সবলীকৰণৰ শত্ৰু নহয়। “এই সকলোবোৰ ভাৰসাম্য আৰু সমন্বয়ৰ কথা। মই ক’বলৈ ভাল পাম যে ভাৰত এখন নাৰীবাদী সভ্যতা, আৰু দ্ৰৌপদী (মহাভাৰতৰ) প্ৰথম নাৰীবাদী। ভাৰতত লিংগৰ প্ৰতি আমাৰ বহুত বেছি ব্যাপক দৃষ্টিভংগী থকাটো প্ৰয়োজন”।
এন ই পি ২০২০ সন্দৰ্ভত ভাষণ দি জে এন ইউৰ উপাচাৰ্যগৰাকীয়ে কয়, ‘এন ই পি এক অতি প্ৰয়োজনীয় শৈক্ষিক সংস্কাৰ কাৰণ ৩৬ বছৰত আমাৰ কোনো শৈক্ষিক সংস্কাৰ নাছিল । মই কও প্ৰতি ১০ বছৰৰ মূৰে মূৰে আমি সংস্কাৰৰ বাবে যাব লাগে কাৰণ শিক্ষা এক অতি গুৰুত্বপূৰ্ণ খণ্ড।