
সংগীত প্ৰতিযোগিতাত বিয়া নাম গাই প্ৰথম স্থান দখল দদেৰে বসুমতাৰীৰ। ৰাজ্যত মহামাৰী ক’ৰোনাৰ ফলত শিক্ষানুষ্ঠান সমূহৰ পাঠদান বন্ধ হৈ থকাৰ সময়তে মেঘালয়ৰ ইউ এছ টি এম বিশ্ববিদ্যালয়ে আন্তঃৰাষ্ট্ৰীয় মাধ্যমত আয়োজন কৰা সংগীত প্ৰতিযোগিতাত বাক্সা জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ চুড়ান্ত ষান্মাসিকৰ ছাত্ৰী দদেৰে বসুমতাৰীয়ে প্ৰথম স্থান দখল কৰি সমগ্ৰ জিলাৰ লগতে গোৰেশ্বৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চুড়ান্ত প্ৰতিযোগিতাত বাক্সা জিলাৰ ভিতৰৰে এখন অন্যতম তথা গোৰেশ্বৰৰ প্ৰানকেন্দ্ৰ শিক্ষানুষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ চুড়ান্ত ষান্মাসিকৰ ছাত্ৰী দদেৰে বসুমতাৰীয়ে প্ৰথম স্থান দখল কৰি শিক্ষানুষ্ঠাখনৰ লগতে সমগ্ৰ গোৰেশ্বৰ বাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপিকা তথা সাংস্কৃতিক বিভাগৰ তত্বাৱধায়ক ড০ প্ৰতিভা পাটোৱাৰীৰ নেতৃত্বত গঢ় লৈ উঠা সাস্কৃতিক ক্ষেত্ৰত গোৰেশ্বৰ বাসীৰ বাবে ই এক বৃহৎ সাফল্য বুলি অভিহিত কৰিছে গোৰেশ্বৰৰ সচেতন মহলে। প্ৰথম স্থান প্ৰাপ্ত দদেৰে বসুমতাৰীক পুৰস্কাৰ হিচাবে নগদ পছিশ হাজাৰ টকা, এটা ট্ৰফী আৰু এখন মানপত্ৰ প্ৰদান কৰে। চূড়ান্ত প্ৰতিযোগিতাৰ বিচাৰকৰ আসন গ্ৰহন কৰিছিল অসমৰ জনপ্ৰিয় সংগীতশিল্পী ড• সংগীতা কাকতি আৰু শ্ৰী জে.পি দাস। উল্লখ্য যে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংগীত প্ৰতিযোগিতাত গোৰেশ্বৰ মহাবিদ্যালয়ে প্ৰথমবাৰৰ বাবে সন্মান বুটলিবলৈ সক্ষম বঁটা বিতৰণী অনুষ্ঠানত বিচাৰকৰ লগতে ইউ এছ টি এমৰ আচাৰ্য মেহববুল হক, উপাচাৰ্য প্ৰফেছাৰ জি.ডি শৰ্মা আৰু অন্যান্য কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।