USTM আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ, শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে

গুৱাহাটী, শুকুৰবাৰ: শ্ৰীভূমি আৰক্ষীয়ে গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM)ৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে মাজ নিশা ডেৰ বজাত মহানগৰ আৰক্ষী, STF (Special Task Force) আৰু শ্ৰীভূমি আৰক্ষীয়ে যুটীয়া অভিযান চলাই তেওঁক আটক কৰে।

গ্ৰেপ্তাৰৰ পিছত মহবুবুল হকক বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে। তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হোৱা বুলি জনা গৈছে।

আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে গ্ৰেপ্তাৰৰ সঠিক কাৰণ স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই। তথাপি, এই ঘটনাই ৰাজ্যখনত আলোড়ন সৃষ্টি কৰিছে। মহবুবুল হক এগৰাকী বিশিষ্ট শিক্ষাবিদ হোৱাৰ বাবে তেওঁৰ গ্ৰেপ্তাৰে ৰাজনৈতিক আৰু শিক্ষানুষ্ঠানৰ মহলত আলোচনাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

এই ঘটনাৰ ওপৰত আৰু অধিক তথ্য উলিয়াবলৈ আৰক্ষীয়ে তদন্ত চলাই আছে। পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে প্ৰেছক বিস্তাৰিত বিবৃতি দিব বুলি আশা কৰা হৈছে।