sangbad lahar logo

UPSCৰ ফলাফল ঘোষণা, ৫ম স্থানত উজলিল অসমৰ ময়ুৰ হাজৰিকা ।

ময়ুৰ হাজৰিকা

মঙলবাৰে বিয়লি ঘোষণা হ’ল ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল ।
২০২২ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰা ফলাফল অনুসৰি
অসমৰ তেজপুৰৰ ময়ুৰ হাজৰিকাই দেশৰ ভিতৰতে পঞ্চম স্থান দখলেৰে অসমৰ নাম উজ্বলাই তুলিছে।
জানিব পৰা মতে ময়ুৰ হাজৰিকা পেছাত এগৰাকী চিকিৎসক আৰু বৰ্তমান
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত কৰ্মৰত।

ময়ুৰ হাজৰিকাৰ লগতে অসমৰ
অঞ্জলি ভৰদ্বাজ (২৭১), মহম্মদ ইদুল আহমদ (২৯৮), ভি এছ ভৈফেই (৬১৯), দীক্ষা লাংথাছা (৬৬৪),
মানস জ্যোতি দাস (৮৮১) আৰু নিবেদিতা দাসো (৮৪৮) এইবাৰ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে।

এইবাৰ পৰীক্ষাত শীৰ্ষ পাঁচটা স্থান লাভ কৰিছে ক্ৰমে-
ইশিতা কিশোৰ (১),
গৰিমা লোহিয়া (২),
উমা হাৰাথিন (৩),
স্মৃতি মিশ্ৰ (৪)
আৰু ময়ুৰ হাজৰিকাই (৫)

উল্লেখ্য যে, এইবাৰ মুঠ ৯৩৩ গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে।
উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক ভাৰতীয় প্ৰশানীয় সেৱা (আই এ এছ),
ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ), ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)
আৰু কেন্দ্ৰীয় সেৱা শাখা ‘ক’ আৰু ‘খ’ নিযুক্তি দিয়া হ’ব।

Related Articles