sangbad lahar logo

“The Assam Book of Records “ৰ ফালৰ পৰা স্বীকৃতি লাভ সঞ্চয়িতা বৰাৰ

সংবাদ লহৰ , ডিজিটেল ডেস্কঃ– সমগ্ৰ বিশ্ব ক’ৰোনা মহামাৰীৰ আৰু বান পানী লগত যুঁজি আছে তেনে সময়ত আহিছে ভাল খবৰ । লখিমপুৰ জিলাৰ নাম উজ্বলাব সক্ষম হোৱা বিহপুৰীয়া নিবাসী সোণেশ্বৰ বৰাৰ কন্যা সঞ্চয়িতা বৰাই এপাহ বিশেষ চিত্ৰ অংকন কৰি “The Assam Book of Records “ৰ ফালৰ পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। সঞ্চয়িতা বৰ্তমান “North Eastern Hill University”অধ্যয়নৰত এগৰাকী ছাত্ৰী। তলাবন্ধৰ সময়ত বিভিন্ন ধৰণৰ ছবি আঁকি সময় অতিবাহিত কৰা সঞ্চয়িতা বৰ্তমান সকলোৰে পৰিচিত। মমেৰে অংকন কৰা ছবিখনৰ প্ৰতি আকৰ্ষিত হৈ The Assam Book of records ত সঞ্চয়িতা বৰাৰ নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয়।নিজৰ কৰ্মদক্ষতাৰে জিলা খনৰ লগতে অঞ্চললৈ গৌৰব অৰ্জন কৰাত সকলোৱে আনন্দত আত্মহাৰা হৈ সঞ্চয়িতা বৰাক শুভেচ্ছা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *