sangbad lahar logo

Happy Birthday:: আদিল হুছেইনে আজি বলীউড, হলীউড সকলোতে জিলিকি উঠিছে অসমৰ এইগৰাকী অভিনেতা…

Happy Birthday

আদিল হুছেইন অসমৰ এজন প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা। তেখেতে বহুকেইখন হিন্দী আৰু অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে। তেখেতে দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট আৰু লাইফ অৱ পাই আদিৰ দৰে হলিউডৰ চলচ্চিত্ৰটো অভিনয় কৰিছে। আদিল হুছেইনৰ জন্ম অসমৰ গোৱালপাৰা জিলাত হৈছিল, আৰু তেওঁৰ শৈশৱ তাতেই হৈছিল অতিবাহিত। তেওঁৰ পিতৃ পেচাত এজন শিক্ষক আছিল। মুঠ ৭জনকৈ সন্তানৰ ভিতৰত তেওঁ সকলোতকৈ আছিল সৰু। আদিল হুছেইনে বিদ্যালয়ত অনুষ্ঠিত নাটক আদিত অভিনয় কৰিছিল। তেখেতে ১৮ বছৰ বয়সত ঘৰ এৰি দৰ্শন শিক্ষা অধ্যায়নৰ বাবে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰে। মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাত তেখেতে নাটকত ব্যংগাত্মক চৰিত্ৰসমূহতো অভিনয় কৰে। তেখেতে অসমৰ বিখ্যাত কৌতুকগোষ্ঠী “ভায়ামামা”ত বলিউডৰ অভিনেতাসকলৰ ব্যংগাত্মক চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পাছত তেখেতে এখন ভ্ৰাম্যমাণ থিয়েটাৰত যোগ দিয়ে আৰু কিছু স্থানীয় ছবিটো কাম কৰে। তেখেত এনেদৰে প্ৰায় ৬ বছৰ কাল অসমত অতিবাহিত কৰে। ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ তেখেতে দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত (National School of Drama) অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছত তেখেতে “চাৰ্লছ ৱালেছ ইণ্ডিয়া ট্ৰাষ্ট”ৰ বৃত্তি পাই লণ্ডনৰ “ড্ৰামা ষ্টুডিঅ’ লণ্ডন”ত অভিনয়ৰ উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হয়।১৯৯৪ চনত ভাৰতলৈ ঘূৰি অহাৰ পাছত, হুছেইনে অসমৰ ‘হেঙুল থিয়েটাৰত’ যোগদান কৰি ৩ বছৰ কাম কৰি পুনৰ দিল্লীলৈ যায়। দিল্লীত তেখেতে মঞ্চ কেৰিয়াৰৰ আৰম্ভণি কৰে যদিও তেখেতে “খালিদ ত্যাবজী”ৰ তত্ত্বাৱধানত অভিনয় শিক্ষা বৰ্তাই ৰাখে। ত্যাবজীৰ পাছত তেখেতে পণ্ডিচেৰীৰ “অৰবিন্দ্ৰ আশ্ৰম”ত “সৌপান বসু”ৰ তত্ত্বাৱধানত, আৰু পাছ্ত পুনৰ দিল্লীৰ “দিলীপ শংকৰ”ৰ ওচৰত অভিনয় শিক্ষা লয়। অভিনেতা হিচাপে, ১৯৯৯ চনত আদিলে “অ’থেল’: এ প্লে ইন ব্লেক এণ্ড হোৱাইট” (Othello: A Play in Black and White) নাটকৰ বাবে “এডিনবাৰ্গ ফ্ৰিঞ্জ” পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ পাছতেই “ৰয়ষ্টেন এবেল” (Roysten Abel) পৰিচালিত “গুডবাই ডেচডি’মনা” (Goodbye Desdemona) নাটকত অভিনয়ৰ বাবেও প্ৰশংসিত হৈছিল। হাম্পিৰ “ছ’চাইটি ফৰ আৰ্টিষ্ট এণ্ড পাৰফৰ্মাছ”ৰ ২০০৪ চনৰ পৰা ২০০৭ চনলৈ প্ৰশিক্ষক হোৱাৰ উপৰিও হেগ চহৰৰ “ৰয়েল কনজাৰভেটৰী অব্‌ পাৰফৰ্মিং আৰ্ট”ৰ আৰু তেখেতৰ পূৰ্বৰ অভিনয়ৰ শিক্ষাস্থল দিল্লীৰ “ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়”ত এজন অনিয়মিত প্ৰশিক্ষক হিচাপে কাম কৰিছিল। ২০০৪ চনত তেওঁ ছোহা আলি খানৰ সৈতে ইতি শ্ৰীকান্ত বোলছবিৰ মুখ্য চৰিত্ৰত অভিনয়েৰে বঙালী ছবিজগতত খোজ পেলায় ।দূৰদৰ্শনত বিবিচি ৱৰ্ল্ড চাৰ্ভিচ ট্ৰাষ্টে প্ৰযোজনা কৰা ডিটেকটিভ ধাৰাবাহিক জাচুচ বিজয়ৰ মুখ্য চৰিত্ৰত অভিনয় কৰে‌ তেওঁ। যদিও কেইখনমান অসমীয়া চলচ্চিত্ৰ বিশাল ভৰদ্বাজৰ কমিনে’ আৰু ছ’না জৈনৰ ফৰ ৰিয়েল বোলছবিৰ দুই-এটি সৰু চৰিত্ৰত অভিনয় কৰিছিল, ২০১০ চনত মুক্তিপ্ৰাপ্ত অভিষেক চৌবে’ৰ ইস্কিয়া বোলছবিৰ জৰিয়তেহে তেওঁ বলিউডৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।বলিউডত তেওঁ প্ৰথমটো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে ২০১২ চনৰ এজেণ্ট বিনোদ বোলছবিত। একেবছৰতে তেওঁ অভিনীত বোলছবি ইটালীৰ পৰিচালক Italo Spinelliৰ ‘Gangor’, মীৰা নায়াৰৰ ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ আৰু এং লীৰ ‘লাইফ অৱ পাই’ মুক্তি পায়। তেওঁ শ্ৰীদেৱীৰ সৈতে ইংলিছ ৱিংলিছ বোলছবিত অভিনয় কৰি ছবি সমালোচকৰপৰা উচ্চ প্ৰশংসা লাভ কৰে। লেছন্‌ছ ইন ফৰগেটিং বোলছবিত কৰা অভিনয়ৰ বাবেও New Jersey Independent South Asian Cine Festত তেওঁ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। মুঠতে একেষাৰে এগৰাকী সফল অভিনেতা আদিল হুছেইন।

Related Articles

2 Comments

  • semshutle , January 28, 2023 @ 2:31 pm

    accutane dosage chart However, also bear in mind

  • semshutle , February 1, 2023 @ 9:56 pm

    doxycycline dosage chart Hydroxyproline Hyp is a product of posttranslational hydroxylation of proline 54

Leave a Reply

Your email address will not be published. Required fields are marked *