9th Mile, Khanapara, Ri Bhoi, Thursday, June 5, 2025: সমগ্ৰ বিশ্বৰ লগতে University of Science and Technology Meghalaya (USTM) ও বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আয়োজন কৰিলে বিশ্ব পৰিবেশ দিৱস ২০২৫।

প্লাষ্টিক মুক্ত এখন সুন্দৰ পৃথিৱী আৰু এখন সেউজীয়া পৃথিৱী গঢ়ি তুলিবলৈ আমি সকলো দায়বদ্ধ। এই বছৰৰ থিম আছিল আমাৰ মাটি – আমাৰ ভবিষ্যত।

এই থিম আগত ৰাখি বিশ্ববিদ্যালয় খনৰ বিভিন্ন বিভাগ সমূহে আয়োজন কৰিলে গছপুলি ৰোপণ কাৰ্যসূচীকে আদি কৰি বিভিন্ন চাফ চিকুন কাৰ্যসূচী ।
USTM ৰ অধীনত থকা IA AYURVEDIC মেডিকেল কলেজে ৰাতিপুৱাৰ ভাগতেই USTM চৌহদত আয়োজন কৰিলে সচেতনতা যাত্ৰা। আয়ুৰ্বেদিক কলেজ খনৰ অধ্যক্ষ ড০ ৰমা কান্ত শৰ্মাৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰী, অধ্যাপক সকলে অংশগ্ৰহণ কৰে সচেতনতা যাত্ৰাত। লগতে আয়োজন কৰা হয় এখন আলোচনী সভা।
আনহাতে বিশ্ববিদ্যালয়ৰ বতানি বিভাগৰ নেতৃত্বত আয়োজন কৰা হয় ‘ এডাল গছ মাৰ namot’ শীৰ্ষক গছপুলি ৰোপন। অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰফেছাৰ জি দি শৰ্মা।
অনুষ্ঠানত উপস্থিত থাকি তেওঁ কয় – “এই দিৱসটো মাথোঁ এটা উদযাপন নহয়, ই আমাৰ প্ৰতিশ্ৰুতি – এক সেউজ আৰু সুস্থভা পৃথিৱী গঢ়াৰ প্ৰতিশ্ৰুতি।”
বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহযোগত ফিজিক্স বিভাগে জৰবিল গাঁওৰ গঞা ৰাইজক বিশ্ব পৰিবেশ দিৱসৰ দিনা উপহাৰ দিয়ে একো একোটা গছপুলি।

School of Pharmaceutical Sciences এ USTM ৰ NSS চেলৰ সহায়ত চেভিও হাইয়াৰ চেকেণ্ডেৰী স্কুলত প্লাষ্টিক মুক্ত এক পৰিবেশ নিৰ্মাণৰ উদ্দেশ্যেৰে আয়োজন কৰে এক চাফ চিকুণ আৰু গছপুলি ৰোপন কাৰ্যসূচী।
এই ধৰনে বিভিন্ন বিভাগ সমূহে এই বিশেষ দিনটোত বিভিন্ন সজাগতা সভাৰ আয়োজন কৰে।
USTM এ সদায় পৰিবেশ সজাগতা আৰু উন্নয়নৰ ক্ষেত্ৰত আৰ্হি হৈ আছে।